এই ফটোখনৰ সম্পুৰ্ণ সত্য এই পষ্টটো পঢ়িলে বুজিব পাৰিব।
পঢ়ক অলপ লাহে লাহ ....

📌পাছত যীচুৱে যেতিয়া নাৱেৰে আকৌ সিপাৰলৈ গ’ল, তেতিয়া মানুহৰ বৃহৎ দল এটা তেওঁৰ ওচৰত গোট খালে; সেই সময়ত তেওঁ সাগৰৰ তীৰত আছিল। এনেতে যায়ীৰ নামেৰে নাম-ঘৰৰ অধিকাৰী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰিল৷ তেওঁ বাৰে বাৰে বিনয় কৰি যীচুক কলে, “মোৰ ছোৱালী জনীৰ মৃত্যু ওচৰ চাপিছে; তাই যেন সুস্থ হৈ জীয়াই থাকে, এই কাৰণে আপুনি আহি, তাইৰ গাত হাত দিয়কহি।” তেতিয়া যীচু তেওঁৰ লগত গ’ল আৰু বহু লোক তেওঁৰ পাছে পাছে গৈ তেওঁক হেঁচি-মেলি ধৰিলে। আৰু সেই সময়ত তাতে বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা তিৰোতা এজনী আছিল৷ অনেক বেজৰ ওচৰত চিকিৎসা কৰি আৰু সৰ্ব্বস্ব খৰচ কৰিও তেওঁ সুস্থ হোৱা নাছিল, কিন্তু বেচি কষ্টহে পাই আছিল৷ তেওঁ যীচুৰ বিষয়ে শুনি, লোক সকলৰ মাজত সোমাল আৰু তেওঁৰ পাছফালেদি আহি, তেওঁৰ কাপোৰ চুলে৷ কিয়নো তেওঁ কৈছিল, ‘মই যদি তেওঁৰ কাপোৰ মাথোন চুবলৈ পাওঁ, তেতিয়াও মই ৰক্ষা পাম’। তেতিয়া তেওঁ যীচুক চুবলৈ পাই, তেওঁৰ তেজ বৈ থকা শুকাই গ’ল আৰু তেওঁ শৰীৰত সেই ব্যাধিৰ পৰা মুক্ত হোৱা গম পালে। সেই সময়ত যীচুৱে নিজৰ পৰা শক্তি ওলাই যোৱা গম পাই, লোক সকলৰ মাজত মুখ ঘূৰাই সুধিলে, “মোৰ কাপোৰ কোনে চুলে?” তাতে তেওঁৰ শিষ্য সকলে তেওঁক কলে, “লোক সকলে আপোনাক হেঁচি-মেলি ধৰা দেখিও, কোনে মোক চুলে বুলি কয় নে?” কিন্তু সেই কৰ্ম কৰা জনীক দেখিবলৈ তেওঁ চাৰিওফালে চালে। তেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল, সেই বিষয়ে জানিব পোৱাত, ভয়েৰে কঁপি কঁপি আহি তেওঁৰ আগত পৰিল আৰু সকলো সত্য কথা ক’লে৷ তাতে যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা আৰু সুস্থ থাকি তোমাৰ সেই ব্যাধিৰ পৰা মুক্ত হোৱা।”
মাৰ্ক 5:21-34


যীচুৰ গৌৰৱ হওক🌟
আপোনাৰ জীবনতো কিবা দুখ/অসুখ/সমস্যা আছে নেকি?
বিশ্বাস কৰক যীচুৱে সুস্থতা প্ৰদান কৰিব। মন কৰক সেই তিৰোতা গৰাকিক তেওঁ কৈ আছিল যে কেৱল যীচুৰ কাপোৰ যদি স্পৰ্শ কৰো ;মই সুস্থ পাম। আপোনাৰো জীবনত যীচুৱে কাৰ্য্য কৰিব। আৰু আপুনি আনন্দত ভৰি পৰিব। কিয়নো আজিও যীচু সেই কাৰ্য্য কৰি আছে তেও কৈছিল মই তোমালোকক অকলসৰিয়া নকৰিম। সংসাৰে কি ক'ব সেই ভয় নাৰাখিব!! সংসাৰে আপোনাক সেই শান্তি প্ৰদান কৰিব নোৱাৰিব। কেৱল একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ যীচুৰ বিনে কোনো নাই। বাইবেলে কয় ✔তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”
পাঁচনি 4:12
✔আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”
যোহন 8:32

ঈশ্বৰৰে আপোনাক আশিৰ্বাদ কৰক। আমেন।।




প্ৰাৰ্থনাৰ বাবে যোগাযোগ কৰক -

🌟উজ্জ্বল প্ৰভাতীয় প্ৰাৰ্থনা ভৱন🌟
2 নং দিঘলীয়া (মৰাণ) ডিব্ৰুগড় , অসম।
Google Map 🌍 - Ujjal Probjati Tora Prayer Center

Ph - +917896265980 (Ps. Alon Sarkar) & +919101451716 (Backman Tuti)

Thank You

Comments

Popular posts from this blog

स्वर्ग का राज्य खेत मे छिपे हुए धन के समान है ! कैसे समझे ?

त्रिएक परमेश्वर Trinity